Sunday 28 September 2014

ষ্টক বজাৰ সূচকাংক (the Stock Market Index)




 ষ্টক বজাৰ সূচকাংক হল ষ্টক বজাৰৰ কোনো এক অংশৰ (section)  মূল্য গণনা কৰিবলৈ ব্যৱহাৰ কৰা এক গাণিতিক প্ৰক্ৰিয়া (method)৷ কিছুমান বাচনি কৰি থোৱা ষ্টকৰ দৰৰ পৰা এই সূচকাংক গণনা কৰা হয়৷ বিনিয়োগকাৰী আৰু বিত্তীয় পৰিচালক (financial manager) সকলে কোনো এক একক পৰিমাণৰ বিনিয়োগৰ পৰা পোৱা প্ৰতিদান (return) ৰ তুলনা কৰিবলৈ আৰু বজাৰখনক বৰ্ণনা কৰিবলৈ ষ্টক মাৰ্কেট সূচকাংক ক আহিলা হিচাপে ব্যৱহাৰ কৰে৷
এটা উদাহৰণৰ সহায়ত আমি ষ্টক মাৰ্কেট সূচকাংক কিদৰে গণনা কৰা হয় তাক দেখুৱাব পাৰোঁ৷ ধৰা হল কোনো এখন দেশত চাৰিটা কোম্পানী A, B, C  আৰু Dৰ ২০০০ চনত ষ্টক দৰ (stock price) বোৰ তলত দিয়া ধৰণৰ
  • Company A     $10
  • Company B     $8
  • Company C     $12
  • Company D     $25
  • Total $55
সূচকাংক নিৰ্ধাৰণৰ বাবে আমি মুঠ ষ্টক দৰ $55 ক 100 বুলি ধৰি লৈ ভৱিষ্যতে মুঠ দৰ ষ্টকত হোৱা পৰিৱৰ্তনক গণনা কৰিব পাৰোঁ৷ উদাহৰণস্বৰূপে, ধৰা হল ২০০১ চনত ষ্টক দৰবোৰ তলত দিয়া ধৰণে সলনি হ
  • Company A     $4
  • Company B     $38
  • Company C     $12
  • Company D     $24
  • Total $78
যিহেতু $78 আগবছৰৰ (2000) দৰতকৈ 41.82% বেছি, সেয়ে ষ্টক মাৰ্কেট সূচকাংক হব 100+41.82= 141.82 ৷ তেনেদৰে ষ্টক দৰত হোৱা পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি দিন, মাহ, বছৰ যিকোনো সময় (time period) ত ষ্টক মাৰ্কেট সূচকাংক গণনা কৰি ওলিয়াব পাৰি৷
বিনিয়োগকাৰীৰে ভৰা বিত্তীয় জগতখনত Stock market index  অতিকে প্ৰভাৱশালী আৰু জনপ্ৰিয় শব্দ৷ The Dow Jones Industrial Average (DJIA) হৈছে বৰ্তমান বিশ্বৰ সবাতোকৈ জনপ্ৰিয় আৰু জনাজাত ষ্টক বজাৰ সূচকাংক৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০ টা ডাঙৰ কোম্পানী এই সূচকাংকত সংযুক্ত হৈ আছে৷ ৫০০ টা কোম্পানীক সাঙুৰি লোৱা S&P-500 হৈছে বিশ্বৰ দ্বিতীয় বিখ্যাত ষ্টক বজাৰ সূচকাংক৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৩০ টা কোম্পানীক সামৰি লোৱা Bombay Stock Exchange ৰ সূচকাংক BSE 30 (যাৰ জনপ্ৰিয় নাম SENSEX) ভাৰতীয় বাণিজ্যিক জগতখনৰ বেৰোমিটাৰ স্বৰূপ৷

1 comment: